Show/Hide Keyboard Layout

কাৰখানাৰে চিটিৰ হুমুনিয়া

- বিষ্ণুপ্ৰসাদ ৰাভা

কাৰখানাৰে চিটিৰ হুমুনিয়া

কলৰ ঘৰ্‌ঘৰণি বুকু কঁপোৱা

শুনি শুনি কাঁহৰ মাত কঠুৱা

কান্দে দুখীয়া বনুৱা ।

 

শুদা মজিয়াত অকলশৰীয়া

বিনায় কোলাত হিয়া লগৰীয়া

পুৱাই লঘোণ, ভাত নাইকিয়া

কান্দে দুখীয়া বনুৱা ।

 

অসহ জীৱন উটি ভাহি যোৱা

ভগা ছিগা মানৱী আমঠু হিয়া

শ্ৰম কৰিও খাবলই নোহোৱা

আলই বিলই হোৱা হজুৱা

কান্দে দুখীয়া বনুৱা ।।

Hits: 2599